ডিজিটেল ডেস্কঃ অৱশেষত ৰায় প্ৰদান কৰা হ’ল সাংবাদিক জ্যোতিৰ্ময় দে’ৰ হত্যাকাণ্ডৰ৷ মুম্বাইত সাংবাদিক জ্যোতিৰ্ময় দে’ৰ হত্যকাণ্ডৰ ৰায় প্ৰদান কৰি বুধবাৰে মহাৰাষ্ট্ৰৰ বিশেষ এমচিওচিএ আদালতে গেংষ্টাৰ ছোটা ৰাজন সহ আন ১০গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰে৷ ইফালে বিশেষ আদালতখনে সাংবাদিক জিহনা ভোৰা আৰু পলচন জোচেফক নিৰ্দোষী বুলি প্ৰমাণিত কৰে৷
উল্লেখ্য যে ২০১১ চনক ১১ জুন তাৰিখে মিড ডে’ কাকতৰ সাংবাদিক জ্যোতিৰ্ময় দে’ক মুম্বাইস্থিত সাংবাদিকগৰাকীৰ বাসগৃহৰ সন্মূখতে বাইকেৰে অহা দুস্কৃতিকাৰীয়ে গুলিবিদ্ধ কৰিছিল৷ ততাতৈয়াকৈ সাংবাদিকগৰাকীক হস্পিতাললৈ নিয়া হৈছিল যদিও সাংবাদিক গৰাকীৰ ইতিমধ্যেই মৃত্যু ঘটিছিল৷