খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত খেৰণি ক্ৰীড়া সংস্থাৰ সহযোগত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে পুৰুষৰ ফুটবল প্ৰশিক্ষণ শিবিৰ। খেৰণি খেলপথাৰত পোন্ধৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ফুটবল প্ৰশিক্ষণ শিবিৰ জিলা ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাং, কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ সম্পাদক পংকজ টেৰণ, সহ-সম্পাদক ক্লেন্দুন টেৰণ, খেৰণি ক্ৰীড়া সংস্থাৰ সভাপতি ধনছিং ডেৰাক, কপিলি সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হনছিং টেৰাং, খেৰণি অঞ্চলৰ বিশিষ্ট ব্যক্তি, সমাজসেৱক, খেলুৱৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু জিলা ক্রীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত উদীয়মান যুৱ খেলুৱৈ অংশগ্ৰহণ কৰে৷ শিবিৰৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে কোকৰাঝাৰৰ পৰা আহিছে প্রশিক্ষক মাৰ্কাছ বসুমতাৰী। মাৰ্কাছ বসুমতাৰী কেৱল প্ৰশিক্ষকে নহয় এগৰাকী সুদক্ষ খেলুৱৈও আৰু বৰ্তমানো তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ফুটবল ক্লাবৰ হৈ খেল প্ৰদৰ্শন কৰি ক্ৰীড়া জগতত এক সুনাম অৰ্জন কৰিছে৷