107
নতুন দিল্লীঃ কেৱল আয়কৰ ৰিটাৰ্ণেই নহয়, এইবাৰ চিম কাৰ্ড ল’বলৈও প্ৰয়োজন হ’ব পাৰে আধাৰ কাৰ্ডৰ। ২০১৮ চনৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা নতুন আৰু পুৰণি সকলো চিম কাৰ্ডৰ বিপৰীতে আধাৰ কাৰ্ড জমা দিব লাগিব বুলি জানিব পৰা গৈছে।
টেলিকমিউনিকেশ্যন বিভাগে প্ৰকাশ কৰিছে এই তথ্য৷ তদুপৰি টেলিকমিউনিকেশন বিভাগে সকলো প্ৰতিষ্ঠানক সকলো প্ৰিপেইড আৰু প’ষ্টপেইড গ্ৰাহকৰ তথ্য পুনৰ পৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে৷