Newsnextone | ডিজিটেল ডেস্কঃ ২০১৮-১৯ বিত্তবৰ্ষত ভাৰতৰ অৰ্থনীতিৰ বিকাশ হাৰ ৭.৪ শতাংশ হ’ব বুলি প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে৷ বুধবাৰে সদৰী কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষটোত বিকাশৰ হাৰ জিএছটি আৰু বিমুদ্ৰাকৰণৰ পৰা মুক্ত হ’লে শেষৰফালে ৭.৮ শতাংশলৈ বৃদ্ধি পাব পাৰে৷
বিমু্দ্ৰাকৰণৰ ফলত সৃষ্টি হোৱা খেলিমেলি আৰু নতুন পণ্য আৰু সেৱাকৰৰ প্ৰভাৱমুক্ত হ’লে চলিত বিত্তীয় বৰ্ষত অৰ্থনীতিৰ বিকাশৰ হাৰ ৭.৪ শতাংশ হ’ব বুলি মুদ্ৰানিধিৰ এছিয়া এণ্ড পেচিফিক ৰিজ’নেল ইকনমিক আউটলুক শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে৷ প্ৰতিবেদন মতে এছিয়া মহাদেশেই বিশ্বৰ অৰ্থনীতিৰ প্ৰাণস্বৰূপ হৈ পৰিছে আৰু বিশ্ব অৰ্থনীতিৰ ৬০ শতাংশই বিকাশেই এছিয়া মহাদেশত হৈছে৷