Home দেশপুনৰ শ্ৰীলংকাত বন্দী ভাৰতীয় মাছমৰীয়া

পুনৰ শ্ৰীলংকাত বন্দী ভাৰতীয় মাছমৰীয়া

by News Desk
55 views
A+A-
Reset

তামিলনাডুঃ শ্ৰীলংকাৰ নৌ সেনাই পুনৰ বন্দী কৰিলে ভাৰতীয় মাছমৰীয়াক৷ দ্বীপৰাষ্ট্ৰখনত মাছ মৰা বাবে শনিবাৰে ৰাতি নৌসেনাই বাৰজন মাছমৰীয়াক আটক কৰে৷ তামিলনাডুৰ পুডুকোট্টাই জিলাত সংঘটিত হয় এই ঘটনা৷ মাছমৰীয়াকেইজনৰ লগত ২ টা দুটা ইঞ্জিনযুক্ত বাহনো উদ্ধাৰ কৰে সেনাই৷ আনহাতে ক্ৰমাত বৃদ্ধি হৈছে এনে ধৰণৰ ঘটনা৷  চলিত মাহতে এইটো পঞ্চম ঘটনা৷ শ্ৰীলংকাই ১৪ মাৰ্চত ৭৭জন মাছমৰীয়া মুকলি কৰি দিছিল৷

তদুপৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পল্লনীস্বামীয়ে সঘনে হৈ থকা এনে ঘটনাসমুহত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ২৩ মাৰ্চত প্ৰধানমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছিল৷ শ্ৰীলংকাত এতিয়ালৈ ১৩১ খন নাওঁ আবদ্ধ হৈ আছে৷ তথ্য অনুসৰি মাছমৰীয়াসকলে মাছ ধৰিবলৈ যোৱাৰ আগতে ভাৰতীয় বিষয়াৰ পৰা অনুমতি লৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0