newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰতিদিনে সেনা আৰক্ষীৰ সৈতে জম্মু কাশ্মীৰৰ যুৱকৰ সংঘৰ্ষ অব্যাহত আছে৷ সেয়া সন্ত্ৰাসবাদীয়ে হওক নতুবা সাধাৰণ যুৱকেই হওক৷ একাংশ যুৱকে হাতত অস্ত্ৰ লৈ সেনা আৰক্ষীৰ বিৰুদ্ধে যুঁজ চলাই যোৱাৰ লগতে আন একাংশই হাতত শিলগুটি লৈ ৰাজপথত সেনা-আৰক্ষীক লক্ষ্য কৰি লয়৷ জম্মু কাশ্মীৰ এতিয়া অশান্ত৷
সেনাৰ তহল আৰু সন্ত্ৰাসবাদীক দমন কৰাৰ নামত আতংকিত জনসাধাৰণ৷ তাৰ মাজতে দেশৰ মুখ্য সেনাধ্যক্ষ বিপিন ৰাৱাটে কাশ্মীৰৰ যুৱকসকলে হাতত অস্ত্ৰ তুলি লোৱাৰ ঘটনাক লৈ চিন্তা জাহিৰ কৰে৷ বিপিনে ৰাৱাটে ক্ষোভ ব্যক্ত কৰি কয় তোমালোকে বুজাৰ প্ৰয়োজন যে, সেনাৰ সৈতে যুদ্ধ কৰি স্বাধীনতা কেতিয়াও নোপোৱা৷