কলকাতাঃ জামিন লাভ কৰা স্বত্বেও নিজকে মোকলাব পৰা নাই একালত অসমৰ বৈদ্যুতিন সংবাদ জগতত দপদপাই থকা মনোৰঞ্জনা সিঙে। সাৰদা কেলেংকাৰীত অভিযুক্ত ৪৮ বৰ্ষীয় মনোৰঞ্জনাৰ এতিয়া সেই ৰাজপাটো নাই, সেই বিলাসিতাও নাই।
সাৰদা কেলেংকাৰীৰ অন্যতম প্ৰধান অভিযুক্ত মনোৰঞ্জনাক উচ্চতম ন্যায়ালয়ে জামিন দিছিল যদিও টকাৰ অভাৱত নিজকে মোকলাব নোৱাৰা কথাটোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে যে ভাগ্যৰ চকা সমানে নুঘূৰে।এসময়ৰ প্ৰাচূৰ্যৰে ভৰা মনোৰঞ্জনাই এতিয়া জামিনৰ বাবে পৈতৃক সম্পত্তি বন্ধকত থ’ব লগা হৈছে।