100
নতুন দিল্লীঃ কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমুলক আঁচনিত বাধ্যতামুলক নহ’ব আধাৰ কাৰ্ড৷ আজি উচ্চতম ন্যায়লয়ে এই কথা প্ৰকাশ কৰে৷ কেন্দ্ৰীয় চৰকাৰে এই উক্ত আঁচনিসমুহৰ বাবে আধাৰ কাৰ্ড বাধ্যতামুলক কৰিব নোৱাৰিব বুলি কয় উচ্চতম ন্যায়ালয়ে৷
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষাৰ পৰা চালকৰ অনুজ্ঞাপত্ৰলৈ সকলো অপৰিহাৰ্য নথিতে বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰি আছে। আধাৰ কাৰ্ড অৱশ্যে বেংকৰ খাতা খোলা আৰু আয়কৰ জমা কৰাত একমাত্ৰ পৰিচয় হিচাপে ব্যৱহাৰ হ’ব পাৰে।