মুম্বাইঃ বেয়া দিন চলিছে কমেডিয়ান কপিল শৰ্মাৰ৷ কেইদিনমান পূৰ্বে সহ অভিনেতা সুনীল গ্ৰোভাৰক কপিল শৰ্মাই এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভিতৰতে শাৰীৰিকভাৱে অপদস্ত কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ তদুপৰি ছ’চিয়েল চাইটতো বহুজনে অভিনেতাজনৰ এই ব্যৱহাৰৰ সমালোচনা কৰিছিল৷
এই ঘটনাৰ সন্দৰ্ভতে এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰিছে এক প্ৰতিবেদন৷ উক্ত প্ৰতিবেদনত প্ৰতিষ্ঠানটোৰ মুখ্য সঞ্চালক অশ্বিনী লোহানে বিমানৰ ভিতৰতে সুৰাপান কৰি সহ অভিনেতাক প্ৰহাৰ কৰাৰ বাবে সকীয়াইছে কপিলক৷