চেন্নাইঃ মাহ-প্ৰসাদৰ দিন উকলিল। সেইবোৰৰ ঠাই লৈছে নতুন খাদ্য-সামগ্ৰীয়ে। বাৰ্গাৰ, ব্ৰাউনীৰে অৰ্ঘ্য আগবঢ়োৱা হৈছে চেন্নাইৰ মন্দিৰত৷ বাৰ্গাৰ, ব্ৰাউনিৰ বাহিৰেও চেৰী, চেণ্ডউইচো প্ৰসাদ হিচাবে দিয়ে জয় দুৰ্গা পীঠম মন্দিৰ কৰ্তৃপক্ষই৷
প্ৰসাদ বুলি ক’লেই চেন্নাইৰ মন্দিৰসমুহত পৰম্পৰাগত লাৰু, পেডহাচ ইত্যাদি মন্দিৰসমুহত যোগান ধৰা হয়৷ কিন্তু চেন্নাইৰ এই বিশেষ মন্দিৰটোত এক বিপৰীত দৃশ্যহে পৰিলক্ষিত হয়৷ মন্দিৰটোৰ এই ফাষ্টফুডসমুহ ফুড চেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াৰদ্বাৰা প্ৰামাণিকৃত৷