newsnextone.com | ডিজিটেল ডেস্কঃ বিশ্বাস হৈছে কোনো সম্পৰ্কৰ সৰ্বোচ্চ শক্তি৷ যি সম্পৰ্কত বিশ্বাস নাই, তেন্তে সম্পৰ্কও দীৰ্ঘস্থায়ী হোৱাৰ সম্ভাৱনা নাথাকে৷ পতি-পত্নীৰ মাজৰ ভালপোৱাই হওক বা পিতা-পুত্ৰৰ মাজৰ আৱেগিক বান্ধোন, সকলোবোৰ সম্পৰ্কই বিশ্বাসৰ ভেটিতেই গঢ় লৈ উঠে৷ যদি কোৱা হয় যে বিশ্বাস নদীৰ দুটি পাৰ সংযোগ কৰা এখন সাকোঁৰ নাম, তেন্তে সেয়াও হয়তো ভুল কোৱা নহ’ব৷
কিন্তু কেতিয়াবা বিশ্বাস হেৰাই যায়৷ যাৰ ফলত সম্পৰ্কত ঘুনে ধৰিবলৈ আৰম্ভ কৰে৷ পাৰিবাৰিক জীৱনৰ মাজত বিশ্বাসৰ বান্ধোন চিঙি গ’লেই আৰম্ভ হয় বিচ্ছেদ, প্ৰতাড়না আদিৰ কাহিনী৷