নাওকাটাঃ ৰাজ্য চৰকাৰ তথা বিটিএডি কৰ্তৃপক্ষৰ ভৰসা এৰি জীৱন, সা-সম্পত্তি বচাবলৈ গংগা দেৱীৰ আৰাধনা৷ বিটিএডিৰ বাগসা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বহুকেইখন গাঁৱৰ লোকে গৰাখহনীয়া তথা প্ৰলয়ংকৰী বানপানীৰ পৰা ৰক্ষা পাবলৈ গংগা দেৱীক পূজা কৰে৷
বছৰ বছৰ ধৰি বাগসা জিলাৰ শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ ১নং, ২নং বেটাগাঁও, ১নং সুৱাগপুৰ, চেনিগাঁও, বড়িগাঁও, খৈৰাবাৰী, নাটকুছি, মাদালবাৰী, নিজকুছলা আদি বহুকেইখন গাঁৱৰ জনসাধাৰণে বাৰিষা দুৰ্বল মথাউৰি ভাঙি সোমাই অহা পানীয়ে জ্বলা-কলা খুওৱাৰ লগতে গৰাখহনীয়াই জীয়াতু ভোগায়৷