113
গুৱাহাটীঃ ক্ৰমাৎ বৃদ্ধি পাইছে ৰেলযোগে অবৈধ সা-সামগ্ৰীৰ সৰবৰাহ। বিশেষকৈ মাদক দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত ৰাজ্যখনত ৰেলপথৰ ব্যৱহাৰ বিগত সময়ছোৱাত অধিক হোৱা পৰিলক্ষিত হৈছে।
ইয়াৰ মাজতে সময়ে সময়ে আৰ পি এফ আৰু জি আৰ পিয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী তথা মাদকদ্ৰব্য জব্দ কৰি আহিছে যদিও আজি পৰ্যন্ত চক্ৰটোৰ মূল নায়কসকলক জালত পেলাবলৈ সক্ষম হোৱা নাই৷ এনে সময়তে পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য৷