আগৰতলাঃ ত্ৰিপুৰাত নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ উচিত বিচাৰৰ দাবীত কঁপি উঠিছে ৰাজধানী চহৰৰ ৰাজপথ। কেৱল ৰাজনৈতিক দলেই নহয়, সাধাৰণ লোকো দোষীৰ উচিত শাস্তিৰ দাবীত সোচ্চাৰ হৈ পৰিছে।
ঘটনা মতে ত্ৰিপুৰাৰ উত্তৰ জিলাৰ ধৰ্মনগৰৰ পদ্মপুৰ অঞ্চলত দেওবাৰে তেজেৰে লুতুৰি-পুতুৰি ক্ষত-বিক্ষত এগৰাকী কিশোৰীৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে টি এছ আৰ বাহিনীৰ লোকেও উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ স্থানীয় লোকে সন্দেহ কৰা মতে কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে৷