newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে ঘোষণা কৰা হ’ল স্বচ্ছতা জৰীপ-২০১৮ৰ ফলাফল৷ ফলাফলত ইন্দোৰে একাৰাহে দ্বিতীয়বাৰৰ বাৰৰ বাবে স্বচ্ছতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷
কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে বুধবাৰে স্বচ্ছতা জৰীপ-২০১৮ৰ ফলাফল ঘোষণা কৰে৷ ফলাফল ঘোষণা কৰি তেওঁ কয়, ‘মই এয়া ক’বলৈ পাই সুখী অনুভৱ কৰিছো যে ইন্দোৰে দ্বিতীয়বাৰৰ বাবে স্বচ্ছতাৰ খিতাপ অৰ্জন কৰিছে৷’ আনহাতে স্বচ্ছতা জৰীপত ভুপাল দ্বিতীয় স্থান আৰু চণ্ডীগড় তৃতীয় স্থানত আছে৷