নতুন দিল্লীঃ ধৰ্মীয় স্বতন্ত্ৰতা আৰু ব্যক্তিৰ মৰ্যাদা-এই দুটা বিষয়ৰ মাজতে দুলি থকা বহুবিতৰ্কিত তিনি তালাকক লৈ ঐতিহাসিক সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খন৷ দেশজুৰি চৰ্চিত হৈ থকা বিষয়টো সন্দৰ্ভত শুনানি অহা ১১ মেত হ’ব বুলি ঘোষণা কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে৷ ৫ জন ন্যায়ধীশৰ এখন বিচাৰপীঠে এই বিতৰ্কিত বিষয়টোত ৰায়দান কৰিব৷
মুছলমান সম্প্ৰদায়ৰ তিনি তালাক, নিকাহ হালাল আদি বিষয়ত সাংবিধানিক বিশ্লেষণ আগবঢ়াব এই বিচাৰপীঠে৷ চাৰিদিনলৈ এই বিচাৰপীঠৰ শুনানী চলিব৷