newsnextone.com | নগাঁওঃ গাঁও খনৰ এগৰাকী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ এই খবৰে গাঁও খনলৈ আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ পূৰ্বেই অনুমান কৰা মতেই ভাল ফলাফল লাভ কৰিলে ছাত্ৰজনে৷ সকলোৱে আশা কৰিছিল তেওঁ ভাল ফলাফল কৰিব বুলি৷ সেই মতে ফলাফল লাভ কৰিছে ছাত্ৰজনে৷
নগাঁও জিলাৰ মিলনৰ ভূমি খ্যাত বৰক’লাৰ ৰিতীন্দ্ৰ কুমাৰ ডেকা নামৰ মেধাবী ছাত্ৰজনৰ কথাকে কৈছো৷ পিতৃ-মাতৃ, ওচৰ চুবুৰীয়া, শিক্ষক, বন্ধুসকলে আশা কৰা মতেই ৰিতীন্দ্ৰই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ ডিষ্টিংচন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ ৰিতীন্দ্ৰ কুমাৰে অসমীয়াত ৯৬, ইংৰাজীত ৯২, সাধাৰণ গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৮৪ আৰু হিন্দীত ৮০ নম্বৰৰ সৈতে মুঠ ৫৪০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।