newsnextone.com | ডিজিটেল ডেস্কঃ চৰকাৰে ধৰ্ষণ প্ৰতিৰোধৰ বাবে নতুন নতুন আইন প্ৰনয়ণ কৰিলেও ৰোধ পোৱা নাই ধৰ্ষণ কাণ্ডৰ৷ দেশত ইটোৰ পিছত সিটোকৈ ন ন ধৰ্ষণ কাণ্ডৰ ঘটনাই সমগ্ৰ দেশ উত্তাল কৰি ৰাখিলে৷ পুৰুষৰ আসুৰিক কামনাৰ বলি হৈছে অনেক নিৰীহ যুৱতী-কিশোৰী-শিশু৷
দিল্লীত সংঘটিত হ’ল আন এক ধৰ্ষণ কাণ্ড৷ এইবাৰ গণ ধৰ্ষণৰ বলি হ’ল এগৰাকী ৩০ বৰ্ষীয় যুৱতী৷ গুৰুগ্ৰামৰ এটি শ্বপিং মলৰ সন্মুখৰ পৰা অপহৰণ কৰি নি দক্ষিণ দিল্লীৰ এটি গেষ্ট হাউচত এগৰাকী যুৱতীক গণধৰ্ষণ কৰা কাণ্ডই পুনৰ এক ৰাজধানী চহৰখন উত্তাল কৰি তোলে৷