Home দেশটুটিকোৰিন সংঘৰ্ষ, হস্পিতালত উপস্থিত হৈ আহতৰ বুজ ল’লে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে

টুটিকোৰিন সংঘৰ্ষ, হস্পিতালত উপস্থিত হৈ আহতৰ বুজ ল’লে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে

by News Desk
81 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে অভিনেতা ৰজনীকান্তে টুটিকোৰিন সংঘৰ্ষত আহত লোকসকলৰ সাক্ষাতৰ বাবে মেডিকেলত উপস্থিত হয়৷ ইয়াৰ পিছতে অভিনেতা গৰাকীয়ে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে৷ বাৰ্তালাপত তেওঁ ষ্টাৰ লাইট সংস্থাটোৰ সমালোচনা কৰি কয় যে তেনে সংস্থা অতি শীঘ্ৰে বন্ধ কৰি দিয়া উচিত৷ উল্লেখ্য যে, দক্ষিণৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে শেহতীয়াকৈ ৰাজনীতিত খোজ দিছে৷

টুটিকোৰিন সংঘৰ্ষৰ বাবে ৰজনীকান্তে ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাক দোষাৰোপ কৰে৷ তেওঁ কয় যে হিংসাৰ সৈতে জৰিত লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ লগতে অভিনেতা গৰাকীয়ে সংঘৰ্ষৰ সময়ত প্ৰতিবাদীৰ ওপৰত গুলিচালনা কৰিবলৈ নিৰ্দেশ দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায়৷ তেওঁ কয়, ‘লোকসকলে কিবা কাৰণত প্ৰতিবাদ সাব্যস্ত কৰি আছিল৷ সেই সময়ত আৰক্ষীয়ে সংযম বৰ্তাই ৰখাটো উচিত আছিল৷’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0