77
নতুন দিল্লীঃ এতিয়ালৈ মুঠ গ্ৰাহকৰ প্ৰায় ৭০ শতাংশই আদৰি লৈছে জিঅ’ৰ প্ৰাইম সদস্যপদ৷ আজি এই কথা সদৰী কৰে টেলিকম প্ৰতিষ্ঠানটোৰ শীৰ্ষ সূত্ৰই। কেৱল ইমানেই নহয়, বাকী থকা গ্ৰাহকসকলেও যাতে প্ৰাইম সদস্যপদ ল’ব পাৰে তাৰ বাবে আৰু ১৫ দিনৰ সময়সীমা বৃদ্ধি কৰিছে প্ৰতিষ্ঠানটোৱে।
পূৰ্বতে ৩১ মাৰ্চৰ নিশা ১২ বজাৰ লগে লগে জিঅ’ৰ বিনামুলীয়া সেৱা অন্ত পৰাৰ কথা আছিল৷ গ্ৰাহকসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা বুলি সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে।