গুৱাহাটীঃ ‘সমস্যাবোৰ মানুহৰেই সৃষ্টি হেতুকে তাৰ সমাধানৰ সামৰ্থও মানুহৰ লগতে আছে’- উত্তৰ-পূৰ্বাঞ্চলত বাৰ দিনীয়া ভ্ৰমণৰ বাবে আজি পুৱাই আহি গুৱাহাটীত উপস্থিত হোৱা তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাই আইটিএ মাছখোৱাত বিশ্বশান্তি সম্পৰ্কীয় এক অনুষ্ঠানত এই তাৎপৰ্যপুৰ্ণ মন্তব্য কৰিছে। মানৱীয় প্ৰমূল্যবোধেৰেহে পৃথিৱীৰ পৰা হত্যা-হিংসা নিৰ্মুল কৰা সম্ভৱ বুলি মন্তব্য কৰে দালাই লামাই৷
উত্তৰ-পুৰ্বাঞ্চলৰ ভ্ৰমণ কাৰ্যসূচীৰ এক অংশ হিচাবে আজি ট্ৰিবিউন গোষ্ঠীৰ হিৰক জয়ন্তী উপলক্ষে “বিশ্বশান্তিৰ বাবে এক দৃষ্টিভংগী’’ শীৰ্ষক অন্তৰংগ অনুষ্ঠানত বিভিন্নজনৰ সৈতে মত বিনিময় কৰে৷ অনুষ্ঠানটোত আধ্যাত্মিক গুৰুজনে কয় যে এই পৃথিৱীখন সকলোৰে বাবে৷