নতুন দিল্লীঃ পাঠানকোটৰ সন্ত্ৰাসবাদী অাক্ৰমণৰ কভাৰেজৰ বাবে ভাৰত চৰকাৰৰ ৰোষত পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় বৈদ্যুতিন চেনেল NDTVয়ে কোনো কাৰণতে ক্ষমা নিবিচাৰো বুলি আজি স্পষ্ট কৰি দিছে।
উল্লেখ্য যে, ২০১৬ চনৰ জানুৱাৰী মাহত পাঠানকোটত সন্ত্ৰাসবাদী অাক্ৰমণৰ ঘাটীৰ চেনেলযোগে পোনপটীয়া সম্প্ৰচাৰ কৰি সমালোচনাৰ সন্মুখীন হৈছিল চেনেলটো। এনে এটা স্পৰ্শকাতৰ বিষয় উদঙাই দিয়া বাবে জনপ্ৰিয় চেনেলটো কেন্দ্ৰীয় চৰকাৰে এদিনৰ বাবে সম্প্ৰচাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল।