newsnextone.com | গুৱাহাটীঃ অসমীয়া জাতিক অবৈধ বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰাৰ দাবীত ৰাজ্যৰ দল-সংগঠন বছৰ বছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰায় তিনিটা দশক ৰাজ পথ উত্তাল কৰাৰ অন্তত কংগ্ৰেছ দলে বহু জল্পনা-কল্পনাৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰিছিল যদিও বিজেপিৰ চৰকাৰৰ দিনত সম্পূৰ্ণ হ’বলৈ ওলাইছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম৷
একাংশ লোকৰ অৱহেলাৰ বাবে তথা সংগঠনৰ বাবে NRC সম্পূৰ্ণ কৰাত আউল লগা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে যদিও চৰকাৰৰ সদিচ্ছাক লৈয়ো প্ৰশ্ন উত্থাপন হৈ আহিছিল৷ দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক NRC কাম সন্দৰ্ভত তীক্ষ্ন নজৰ দিয়াৰ ফল স্বৰূপেহে অসমৰ ৰাইজে এখন শুদ্ধ নাগৰিক পঞ্জী লাভ কৰিব৷