58
মুম্বাইঃ ছবিগৃহলৈ নাহে নতুন ভোজপুৰী ছবি বাবৰি মছজিদ। চিনেমাখনৰ ওপৰত চেঞ্চৰ বৰ্ডে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে হতাশ হৈ পৰে ইয়াৰ সৈতে জড়িত পৰিচালক আৰু কলা-কুশলীসকল।
এহাল হিন্দু-মুছলিম যুৱক যুৱতীৰ প্ৰেম আৰু সামাজিক সংঘাতৰ ওপৰত নিৰ্মাণ কৰা এই চলচিত্ৰখনে সমাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিয়েই চেঞ্চৰ বৰ্ডে “বাবৰি মছজিদ” শীৰ্ষক চলচিত্ৰখন নিষিদ্ধ কৰিছে বুলি জানিব পৰা গৈছে।