চতিয়াঃ অসমৰ বিশিষ্ট ক্ৰীড়াবিদ তথা অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ যতীন হাজৰিকা দেহাৱসান। চতিয়াৰ শ’লাল গাঁৱত ১৯৫২ চনত জন্ম গ্ৰহণ কৰা যতীন হাজৰিকা (দিম) সৰুৰে পৰা ক্ৰীড়াৰ লগত জড়িত। ফুটবল, ভলিবল খেলাৰ লগতে প্ৰথম শ্ৰেণীৰ ৰেফাৰীও আছিল।
হাজৰিকাই অসমত কাবাডী খেলক জনপ্ৰিয় কৰা আৰু তেওঁ নিজে অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত কাবাডী দলত অংশ গ্ৰহণ কৰিছিল। কেইবাটাও জটিল ৰোগত আক্ৰান্ত হাজৰিকাৰ গুৱাহাটীৰ ডাউন টাউন হস্পিতালত চিকিৎসাধীন অৱস্থাতে আজি পুৱাই মৃত্যু ঘটে।