69
ডিজিটেল ডেস্কঃ অনুমান বহুতেই কৰিছিল৷ এইবাৰ সেই অনুমান সত্য হোৱাৰ পথত৷ বজাৰলৈ অচিৰেই আহিব ₹২০০ৰ নোট৷ ৰিজাৰ্ভ বেংকে ইতিমধ্যে উক্ত প্ৰস্তাৱত সন্মতি জনাইছে বুলি জানিব পৰা গৈছে৷
এখন আগশাৰীৰ ইংৰাজী দৈনিকত প্ৰকাশিত বাতৰি অনুযায়ী, যোৱা মাৰ্চ মাহত ৰিভাৰ্ভ বেংকৰ বৈঠকত এই প্ৰস্তাব সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়৷ বৈঠকৰ অন্তত ₹২০০ নোট বজাৰলৈ মুকলি কৰি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাই ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলসহ ১৪জনীয়া সদস্যৰ কমিটিয়ে৷