newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে মাদ্ৰাছা সমূহক লৈ আন এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ নতুন নিয়ম অনুসৰি সাধাৰণ বিদ্যালয় সমূহৰ দৰে মাদ্ৰাছাতো নিৰ্দিষ্ট পোছাক নিৰ্ধাৰণ কৰা হ’ব৷ নতুন নিয়ম অনুসৰি মাদ্ৰাছাত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে কুৰ্তা আৰু পায়জামাৰ বিপৰীতে পেন্ট-চাৰ্ট পৰিধান কৰিব লাগিব৷
উত্তৰ প্ৰদেশৰ ৰাজ্যমন্ত্ৰী মোহচিন ৰজাই এই বিষয়ে ঘোষণা কৰি চৰকাৰৰ নতুন সিদ্ধান্তৰ বিশয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে মদ্ৰাছাত শিক্ষালাভ কৰা শিশুসকলে অতি সোনকালে কুৰ্তা-পায়জামাৰ ঠাইত পেন্ট আৰু চাৰ্ট পৰিধান কৰা দেখিবলৈ পোৱা যাব৷