ডিজিটেল ডেস্কঃ মমতাৰ আপত্তিৰ বাবে ভাৰতলৈ আহি খালী হাতেৰে ঢাকালৈ উভতিবলৈ বাধ্য হ’ল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। সোমবাৰে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত হাছিনাৰ আক্ষেপ- ‘মোদী ডাঙৰীয়াই আমাক আশ্বাস দিছিল। কিন্তু মমতা ডাঙৰীয়ানীয়ে কি কৰিব, সেয়াহে ক’ব নোৱাৰিম। আমাৰ সৈতে কথা হোৱাৰ সময়ত তেওঁ আন স্থিতিহে লোৱা দেখা গ’ল।’
হাঁহিৰ চলেৰে হাছিনাই কথাকেইটা ক’লেও বুজিবলৈ অকণো অসুবিধা নহ’ল যে মোদীৰ কথাক লৈ আশ্বস্ত হ’লেও মমতাৰ আপত্তিত সম্পূৰ্ণৰূপে হতাশ বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী। বিশেষকৈ চুবুৰীয়া দেশখনৰ সাধাৰণ নিৰ্বাচনলৈ মাজত এবছৰ বাকী থকা অৱস্থাত তিস্তা প্ৰসংগকৈ লৈ যে হাছিনাৰ দলটোৱে বাৰুকৈয়ে শলঠেকত পৰিব পাৰে সেয়াও স্পষ্ট হৈ পৰে বডীলেংগুৱেজত।