newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ সৰ্ব্বত্ৰে ধৰ্ষণ এক মহামাৰিৰ দৰে বিয়পি পৰা পৰিলক্ষিত হৈছে৷ ৬ মহীয়া শিশুৰ পৰা ৯০ বছৰীয়া বৃদ্ধালৈ.. নাৰী মানেই যেন ক্ষুধাৰ সামগ্ৰী হৈ পৰিছে৷ এচাম অমানুহৰ পাষবিক কাণ্ডৰ বাবেই নাৰী পুৰুষৰ সমাধিকাৰৰ দাবীদাৰ হৈও নিজৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে৷
নাৰী সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে৷ ধৰ্ষণকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি আইন প্ৰনয়ণ কৰি ধৰ্ষণ প্ৰতিৰোধৰ চেষ্টা কৰিছে৷ কিন্তু ধৰ্ষণ ঘৰৰ বাহিৰত প্ৰতিৰোধ কৰিব পাৰিলেও পৰিয়ালৰ ভিতৰত ধৰ্ষণ প্ৰতিৰোধ কৰিবলৈ অক্ষম চৰকাৰো৷ যাৰ বাবে আত্মীয় স্বজনৰ হাতত নাৰী নিৰ্যাতিত হোৱাৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷