newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ‘কেপ্তেইন কুল’ খ্যাত মহেন্দ্ৰ সিং ধোনীৰ জীৱন ভিত্তিক ছবি ‘এমএছ ধোনী, দ্য’ আনটোল্ড ষ্টৰী’ ২০১৬ চনৰ পৰা এই পৰ্যন্ত এখন অন্যতম ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হৈ আহিছে৷
ছবিখনত মহেন্দ্ৰ সিং ধোনীৰ চৰিত্ৰত সুদক্ষ অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল সুশান্ত সিং ৰাজপুত৷ ছবিখনৰ বহুল জনপ্ৰিয়তাৰ পিছত ধোনীৰ অনুৰাগীসকলৰ বাবে আন এক সুখৰ বাৰ্তা কঢ়িয়াই আনিছে ছবিখনৰ নিৰ্মাতা তথা কলা-কুশলীসকলে৷ বলীউড ৰিপৰ্ট অনুসৰি ছবি খনৰ দ্বিতীয় চিকুৱেল নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে৷