newsnextone.com | ডিজিটেল ডেস্কঃ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ নামত পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ ঘটনা সহজলভ্য হৈ পৰিছে৷ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ অচিলা লৈ অধিক কিতাপ-বহীৰ মেটমৰা বোজা কঢ়িয়াবলৈ ছাত্ৰ-ছাত্ৰীক বাধ্য কৰোৱাৰ লগতে পোছাক, চুলিৰ ষ্টাইল আদিক লৈও সচেতনতা অৱলম্বন কৰাৰ নামত ছাত্ৰ-ছাত্ৰীৰ ওপৰত অনাহক কিছুমান নীতি-নিয়ম বান্ধি দিয়া পৰিলক্ষিত হয়৷
শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ পুনেৰ এখন বিদ্যালয়ে যেন শিক্ষাৰ নামত ছাত্ৰ-ছাত্ৰীৰ নূন্যতম অধিকাৰখিনিও ধ্বংস কৰাত উঠিপৰি লাগিছে৷ পুনেৰ এমআইটি বিদ্যালয়ে এইবাৰৰ ছাত্ৰীৰ অন্তৰ্বাসৰ ৰং নিৰ্ধাৰণ কৰি দিছে৷ যাৰ পিছতেই বুধবাৰে বিদ্যালয়ৰ নিৰ্দেশিকাৰ বিৰুদ্ধে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷