newsnextone.com | ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ হোশংগাবাদৰ এটা পেট্ৰ’ল পাম্পত কৰ্মৰত এজন যুৱকক পেট্ৰ’ল পাম্পৰ মালিকে বৰ্বৰ ভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ভিডিঅ’টোত মালিকে যুৱক জনক পেট্ৰ’ল পাম্পত ৰচীৰে বান্ধি লৈ চাবুকেৰে উপৰ্য্যুপৰি প্ৰহাৰ কৰি থকা পৰিলক্ষিত হৈছে৷ কিন্তু আশ্বৰ্যকৰ বিষয় এয়া যে কৰ্মচাৰীজনক প্ৰহাৰ কৰাৰ ভিডিঅ’ খোদ মালিক জনে নিজেই নিৰ্মাণ কৰিছে৷
জানিব পৰা মতে, অজয় নামৰ এজন দলিত সম্প্ৰদায়ৰ যুৱকে পেট্ৰ’ল পাম্পটোত কাম কৰিছিল৷ কিন্তু তিনিদিন তেওঁ কামলৈ আহিব নোৱাৰা বাবে পেট্ৰ’ল পাম্পৰ মালিকজন ইমানেই ক্ৰোধিত হয় যে তেওঁ অজয় নামৰ কৰ্মচাৰীজনক মাতি আনি ৰচীৰে বান্ধি লৈ প্ৰহাৰ কৰে৷