newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পিছত এইবাৰ দেশৰ আন এখন বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশত নিষিদ্ধ কৰা হৈছে প্লাষ্টিক ব্যৱহাৰ৷ পৰিৱেশ আৰু জনস্বাস্থ্যৰ খাতিৰত মহাৰাষ্ট্ৰ সহ ভাৰতৰ ১৮ খন ৰাজ্যত ইতিমধ্যেই প্লাষ্টিকৰ বেগ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে৷
যোৱা তিনিবছৰত তৃতীয়বাৰৰ বাবে পুনৰ উত্তৰ প্ৰদেশত প্লাষ্টিক তথা প্লাষ্টিকৰ বেগ ব্যৱহাৰ নিষিদ্ধ কৰিছে যোগী চৰকাৰে৷ অহা ১৫ জুলাইৰ পৰা উত্তৰ প্ৰদেশত এই নতুন আইন কাৰ্যকৰী হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে৷ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে, প্লাষ্টিকৰ ব্যৱহাৰ, পাষ্টিকৰ কেৰিবে তৈয়াৰ, আমদানি, বেচাকিনা তথা মজুদ ৰখাত৷ শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এটা টুইট যোগে এই বিষয়ে ঘোষণা কৰে৷