খৈৰাবাৰীঃ ফোন টেপিঙৰ যোগেদি আৰক্ষীয়ে ধৰা পেলালে নিৰুদ্দেশ মহিলাসহ এজনক। যোৱা ১৫ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ থকা ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত জালুকবাৰী গাঁৱৰ অনিল বড়োৰ পত্নীক সৰুপথাৰ আৰক্ষীয় প্ৰায় ২৬ দিনৰ অনুসন্ধানৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
নিৰুদিষ্ট বড়ো মহিলাসহ আব্দুল কালাম ওৰফে ৰাজেশ বৰাক আটক কৰাত দীৰ্ঘ দিনীয়া নাটকৰ যৱনিকা পৰে৷ বিৱৰণী মতে, নিৰুদ্দেশ হোৱাৰ পূৰ্বে ৰং নম্বৰযোগে দুয়োজনে কিছুদিন কথা বতৰা অব্যাহত আছিল৷ সৰু পথাৰৰ দুই নম্বৰ কৈৰি গাঁৱৰ প্ৰয়াত আব্দুল গণিৰ পুত্ৰ আব্দুল কালামে (৩৫) নিজকে ৰাজেশ বৰা বুলিহে চিনাকী দিছিল৷