গোৰেশ্বৰঃ অসমৰ খিলঞ্জীয়া মানুহৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশত ভয়ংকৰ বিপদ মাতি আনিব খোজা নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে আজি বাগসা জিলাৰ গোৰেশ্বৰত আজি মুছলিম যুৱ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
হিন্দু বাংলাদেশী সংস্থাপনত ৰাজ্য চৰকাৰৰ ষড়যন্ত্রৰ প্ৰতিবাদ, নাগৰিকত্ব সংশোধনীৰ লগতে বিদেশী বহিষ্কাৰৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। সংগঠনটোৱে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, হিন্দু বাংলাদেশীৰ সংস্থাপন নচলিব আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।