newsnextone.com | ওদালগুৰিঃ ওদালগুৰিৰ নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় ৰয়েল স্কুল অফ ডান্সৰ উদ্যোগত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ অডিচন সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হ’ব। ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ অডিচন বিগত ২ জুলাইৰ পৰা ডিব্ৰুগড় আৰু ধেমাজি জিলাত সফলতাৰে সম্পন্ন হৈ যায়।
আগন্তুক ১৫ জুলাইৰ পৰা গুৱাহাটীত, ১৭জুলাইত দৰঙ জিলাত, ১৯জুলাইত কোকৰাঝাৰ জিলাত, ২১ জুলাইত গোৱালপাৰা জিলাত, ২২জুলাইত শোণিতপুৰ জিলাত আৰু ২৩ জুলাইত ওদালগুৰি জিলাত অডিচন অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ ইচ্ছ্যুক প্ৰতিযোগীসকলে বিভিন্ন নিয়ম অনুসৰি যোগদান কৰিব পাৰিব বুলি প্ৰতিযোগিতাৰ সঞ্চালক জিতু নাথ আৰু ৰয়েল স্কুল অফ ডেন্সৰ সভাপতি জয়ন্ত ৰাভাই জনায়।