newsnextone.com | ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা মুছলমান সম্প্ৰদায়ৰ ৩ তালাক প্ৰথাক অসংবিধানিক বুলি ঘোষণা কৰাৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত তিনি তালাকৰ ঘটনা সংঘটিত হৈ অহাৰ বাতৰি প্ৰচাৰ হৈয়ে আছে৷ শেহতীয়াকৈ, উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ পহৰেথা গাঁৱৰ এজন লোকে তেওঁৰ পত্নীয়ে কৰা সামান্য ভুলৰ বাবে তিনি তালাক প্ৰথাৰ বিবাহ বিচ্ছেদ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
নিৰ্যাতিতা মহিলাগৰাকীয়ে তেওঁৰ স্বামীক খাবলৈ এখন জ্বলি যোৱা ৰুটি দিয়াটোৱেই আছিল মহিলাগৰাকীৰ ভুল৷ যাৰ বাবে লোকজনে পত্নীক খঙৰ ভমকত তিনি তালাক শুনায়৷