কোকৰাঝাৰঃ দেশৰ উপৰিও আন্ত:ৰাষ্ট্ৰীয় বজাৰত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা হস্ততাত অাৰু বস্ত্ৰশিল্পৰ অন্যতম প্ৰতিষ্ঠান বিটিএডিস্থিত ব্ৰাফেডে নিজৰ উৎপাদিত সামগ্ৰী সমূহ বিশ্বৰ বজাৰত সমাদৃত হোৱাৰ সহায়ক হোৱাকৈ তথা ৰাইজৰ আগত দাঙি ধৰাৰ লক্ষ্যৰে আজি কেবাখনো কেটলগ আৰু ক্ৰাফট ডিজাইনৰ পুস্তিকা উন্মোচন কৰে৷
আজি সন্ধিয়া কোকৰাঝাৰ চহৰস্থিত ব্ৰাফেড এম্পৰিয়ামৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা গাম্ভিৰ্যপূৰ্ণ সভাত কেটলগ আৰু ক্ৰাফট ডিজাইনৰ পুস্তিকা কেইখন উন্মোচন কৰে কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰী আৰু ব্ৰাফেডৰ অধ্যক্ষ বিনোদ নাৰ্জাৰীয়ে ৷