newsnextone.com | ওদালগুৰিঃ শনিবাৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই এটি বিশেষ কাৰ্যসূচীৰ জৰিয়তে অঞ্চলটোৰ ২৩৫ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা যাচে। ওদালগুৰিৰ স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত অনুষ্ঠিত বিশেষ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনজিৎ শৰ্মাই উপস্থিত থাকি আছু কেৱল আন্দোলনতেই ব্যস্ত থকা সংগঠন নহয় বুলি কয়। ৰাজ্যৰ শৈক্ষিক জগতৰ বিপ্লৱ সাধন কৰাই হৈছে আছুৰ মূল লক্ষ্য। আছুৰ সপোন আছে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে একোটাকৈ ভোটা তৰাৰ দৰে উজ্বলি ৰাজ্যৰ শৈক্ষিক, সামাজিক ক্ষেত্ৰৰ লগতে বিভিন্ন দিশত পোহৰ বিলাওঁক বুলি কয় শৰ্মাই।
গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মনজিৎ শৰ্মাই মোৰ কাম অসমৰ কাম, মোৰ নাম অসমৰ নাম, মোৰ সন্মান অসমৰ সন্মান এই তিনিটা বাক্য উপস্থিত শিক্ষাৰ্থীসকলৰ পাঠ কৰোৱায়।