কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্বেচ্ছাসেৱী সংগঠন আৰণ্যক, ডব্লিউ ডব্লিউ এফ, কৰবেট ফাউণ্ডেচন, গোলাঘাট জিলাৰ পশু চিকিৎসা বিভাগ আৰু অনাৰেৰী ৱাৰ্ডেনৰ বিশেষ সহযোগত পশুধনৰ সংক্ৰমণ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বানপানীৰ আগতে উদ্যানখনৰ কাষৰীয়া গাওঁবোৰৰ পোহনীয়া গৰু-ম’হৰ প্ৰতিষেধক দিয়াৰ এক অভিযান আৰম্ভ কৰিছে।
এই অভিযানেৰে ইতিমধ্যে উদ্যানৰ কাষৰীয়া গাৱঁৰ প্ৰায় হাজাৰ গৰু-ম’হক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হৈছে। উদ্যানখনৰ পূৱৰ অগৰাতলি বনাঞ্চলৰ কাষৰীয়া গাওঁসমূহত একেলগে এই বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ বাবেই উদ্যান কৰ্তৃপক্ষই পাঁচজন অভিজ্ঞ পশুচিকিৎসকক লৈ পাঁচটা দল গঠন কৰিছে।