newsnextone.com | চাবুৱা/ডিব্ৰুগড়/গুৱাহাটীঃ এখন বৃহৎ বজাৰ৷ যিখন বজাৰে দিব নালাগে জিএছটি নতুবা কোনোধৰণৰ কৰ৷ যি খন বজাৰৰ কথা অসম চৰকাৰৰ মন্ত্ৰী-বিধায়ক, অৰুণাচলৰ মন্ত্ৰী-বিধায়ক আৰু বৰ বৰ আমোলাইহে জানে৷ এই ব্যৱসায়ৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মন্ত্ৰী-বিধায়ক, আমোলালৈকে সকলোৱে ভাগ লাভ কৰে বুলি একাংশ লোকে কব খোজে৷ নিৰ্বাচনৰ সময়ত এই ব্যৱসায়ৰ সৈতে জড়িত লোকে ৰাজনৈতিক দলবোৰক দিব লাগে চান্দা৷ চান্দাও এটকা-দুটকা নহয় লাখ লাখ টকাৰ দিব লগা হয় চান্দা৷
এই খন ব্যৱসায় চলে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত৷ ব্যৱসায় মাছৰ নহয়৷ এই ব্যৱসায় হৈছে কাঠৰ৷ এতিয়াই কৈ থও এই ব্যৱসায়ৰ উজনিৰ প্ৰায় সমূহ ছাত্ৰ সংগঠন, ৰাজনৈতিক দলেও চান্দা লাভ কৰে বুলি অভিযোগ আছে৷ কেৱল ইমানে নহয় আন আন মাধ্যম সমূহেও ইয়াৰ পৰা ধন লাভ কৰে বুলি অভিযোগ আছে৷ আমি উত্থাপন কৰা অভিযোগক যদি প্ৰমাণ কৰিব লাগে তেন্তে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বন মন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে চিবিআইৰ দৰে সংস্থাৰ দ্বাৰা তদন্ত কৰিব লাগিব৷