ডিজিটেল ডেস্কঃ জিঅ’ৰ বিনামূলীয়া সেৱাৰ ম্যাদৰ অন্ত পৰিছে যোৱা ১৫ এপ্ৰিলতে ৷ যিসকলে জিঅ’ ছিম লৈও প্ৰাইম অফাৰ গ্ৰহণ কৰা নাই, সেই সকলৰ বাবেও কোনো বিকল্প ব্যৱস্থা আছেনে?
ট্ৰাইৰ নিষেধাজ্ঞাৰ পিছত ইতিমধ্যে প্ৰাইম অফাৰৰ ম্যাদ উকলিছে৷ যিসকলে ইতিমধ্যে ছিম ৰিচাৰ্জ কৰোৱা নাই সেইসকল গ্ৰাহকৰ অচিৰেই সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলিয়েই জনাইছে জিঅ’ই৷ সহজ কথাত, ইয়াৰ পিছত আৰু বিনামূলীয়াকৈ পোৱা নাযাব জিঅ’ৰ সেৱা৷ সমস্যা হৈছে, ইয়াৰ মাজতে বজাৰত টেলিকম প্ৰতিষ্ঠানটোৱে একাধিক প্লেন মুকলি কৰিছে আৰু সেয়া ওভতায়ো লৈছে৷ ফলত টকা খৰছ কৰিও ছিম ৰিচাৰ্জ কৰিবলৈ গৈ বিবুধিত পৰিছে বহু গ্ৰাহক৷ কিন্তু এনে পৰিস্থিতিত পৰিলেও চিন্তাৰ কোনো কাৰণ নাই৷ কিয়নো সহজ কেইটিমান পদক্ষেপ লৈ আগবাঢ়িলেই নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পৰা যাব জিঅ’ ছিম৷