newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ সালসলনি কৰিছে হোৱাটছ এপ চেটিংছ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ সালসলনি কৰিবলৈ বাধ্য হৈছে ভুৱা খবৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে৷ এপটোৰ ফিচাৰৰ জৰিয়তে হোৱাটছ এপ ব্যৱহাৰকাৰীয়ে মাথো ৫ গৰাকী লোকক মেচেজ ফৰৱাৰ্ড কৰিব পৰাৰ ব্যৱস্থা সংলগ্ন কৰিব৷ হোৱাটছ এপ নতুন সংস্কৰণত এই পদ্ধতি সংযোজন কৰাৰ কথা উল্লেখ কৰিছে হোৱাটছ এপে৷ ইয়াৰ পূৰ্বে ঘোষণা কৰা মতে, গ্ৰুপ ব্যৱস্থাত কেৱল এডমিনেহে মেচেজ পঠাব পৰা ব্যৱস্থা থাকিব বুলি কৈছিল৷
ভাৰতত এতিয়াৰ পৰা হোৱাটএছ এপ ব্যৱহাৰকৰীয়ে ৫গৰাকী লোকতকৈ বেছি লোকক মেচেজ ফৰৱাৰ্ড কৰিব নোৱাৰিব৷ ভুৱা মেচেজ তথা খবৰ ৰোধ কৰাৰ বাবে এই পদ্ধতি অৱলম্বন কৰিছে হোৱাটছ এপ কৰ্তৃপক্ষই৷ যাৰ বাবে বৃহস্পতিবাৰে এই ঘোষণা কৰে৷