newsnextone.com | ডিজিটেল ডেস্কঃ সম্রাট চাহজাহানৰ পত্নী মমতাজক প্রতি থকা ভালপোৱাৰ এক অপূর্ব নিদর্শন হৈছে তাজমহল। বিশ্বৰ সপ্তম আশ্চৰ্য ভাৰতৰ তাজমহলৰ সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰা অন্তত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে তাজমহলক সংৰক্ষণ কৰাৰ বাবে আঁচনি সাজু কৰিছে।
উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে আঁচনি যুগুত কৰি খচৰা আদালতত দাখিল কৰে মঙলবাৰে। তাজমহলক কেনেদৰে সংৰক্ষণ কৰা হ’ব আৰু কেনেদৰে আতি আটক ধুনীয়া কৰিব পৰা যাব তাৰ বাবে আঁচনি যুগুত কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।