newsnextone.com | ডিফুঃ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ ২৮ সংখ্যক অধ্যক্ষ পদত অধিষ্ঠিত হয় কাৰ্বি স্বায়ত্ত পৰিষদৰ জ্যেষ্ঠ এম এচি লংকি তিমুঙ ৷ ২৪ জুলাইত পৰিষদৰ সচিব বীৰ চিং ইংতিক কাৰ্বি পৰিষদৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা লংকি তিমুঙ বিনা প্ৰতিদ্বন্দ্বিতাৰে অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হয় ৷
কাৰ্বি পৰিষদৰ ছেছন হ’লত তেওঁ আনুষ্ঠানিক ভাবে নিজৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে বুধবাৰে৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপাধ্যক্ষ ৰিতেশ ইংহি আৰু পৰিষদৰ ইএম আৰু এমএচিসকলে নৱ নিযুক্ত অধ্যক্ষগৰাকীক উষ্ম সম্বাৰ্ধনা জ্ঞাপন কৰাৰ লগতে পৰিষদৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াত সৰ্ব প্ৰকাৰৰ সহযোগ আগবঢ়াই যাব বুলি আশ্বাস দিয়ে৷