newsnextone.com | ডিজিটেল ডেস্কঃ এয়াৰ এছিয়াৰ বিমানত উদ্ধাৰ হোৱা কেচুৱটোক কাগজৰ টুকুৰাৰে মুখত সোপা দি হত্যা কৰা হৈছিল বুলি দিল্লী আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে সোধ-পোছৰ বাবে গ্ৰেপ্তাৰ কৰা মহিলাক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে দিল্লী আৰক্ষীয়ে।মহিলাগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ বুলি সন্দেহ কৰা হৈছে।
ইপিনে সন্দেহজনক মাতৃক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কেচুৱাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এয়াৰ এছিয়াৰ পৰিচালকে এটা বিবৃতি জাৰি কৰি এই সন্দৰ্ভত অৱগত কৰাৰ লগতে বিমানৰ সূচী সাল-সলনি কৰিব লগা হোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে।