newsnextone.com | গুৱাহাটীঃ দেশৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, ডিজিপিৰ সৈতে দিল্লীত বৈঠক অনুষ্ঠিত কৰি এনআৰচিৰ খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিন্তা-চৰ্চা কৰিছে। আনহাতে ৰাজ্যৰ কেইবালাখ বাংলাভাষী মুছলমান আৰু হিন্দুৱে খচৰাত নাম প্ৰকাশ নাপাব বুলি আশংকাত দিন পৰিছে। দেশৰ গৃহ মন্ত্ৰালয়ে এই বিষয়টো মানৱীয় দৃষ্টিৰে চাই বিশেষ নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰক।
তাৰ মাজতে গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ প্ৰশাসনে এনআৰচি সন্দৰ্ভত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে।
ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আৰু ৰাজ্যৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত খচৰ প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্য়তিত সংঘটিত হ’ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত আলোচনা কৰা হয়।