newsnextone.com | মঙলদৈঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বে ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷
৩০ জুলাইত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এন আৰ চিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে দৰং জিলাত। তাৰ মাজতে শনিবাৰে এন আৰ চি বিষয়ত জিলা উপায়ুক্ত অশোক বৰ্মন আৰু আৰক্ষী অধীক্ষক শ্ৰী জিৎ টীয়ে এখন সংবাদ মেল আয়োজন কৰি চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে জিলা প্ৰশাসন সাজু থকা বুলি কয়।