গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰহাট গাঁও পঞ্চায়তৰ সভাপতি ৰিন্টু মণ্ডল আৰু অসীম ৰায় নামৰ এজন সদস্যক যুৱকৰ দল এটাই প্ৰহাৰ কৰা ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আক্ৰমণকাৰী যুৱককেইজনক প্ৰতাপ ৰায়, ৰাহুল ৰায়, বিপুল ৰায়, চিফুলৰায়, খোকেন ৰায়, অকন ৰায়, হাবল ৰায়, কাবল ৰায়, প্ৰদীপ ৰায়, চন্দ্ৰ ৰায়, অতুল ৰায়, ধবনী ৰায়, মনোজ ৰায়, বিকাশ ৰায়, পোমপু ৰায়, বিজু ৰায়, নিতুৰাম ৰায়, সজ্ঞিত ৰায়, অলোকেশ ৰায় বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত বাতৰি মতে, যুৱককেইজনে পঞ্চায়ত সভাপতি আৰু সদস্যজনে কাৰ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত দলৱদ্ধভাৱে আক্ৰমণ কৰি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। পিছত স্থানীয় লোকসকলে দুযোকে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।