কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাক আমগুৰি বনগাঁৱত নিহত উগ্ৰপন্থী সদস্যজনৰ পৰা উদ্ধাৰ হোৱা ড্ৰাইভিং লাইচেঞ্চখনত উল্লেখ থকা পুলিন দত্ত নামৰ লাইচেঞ্চখন ভুৱা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে৷
নিহত উগ্ৰপন্থীজন প্ৰকৃততে নামৰূপৰ বুলিহে আৰক্ষীয়ে নিশ্চিত কৰিছে৷ ইতিমধ্যে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক কাকপথাৰ থানাত আহি উপস্থিত হোৱাৰ লগতে উক্ত ঘটনাৰ বুজলৈ উগ্ৰপন্থীৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলোৱাৰ ৰণকৌশল প্ৰস্তুত কৰাৰ বিষয়ে জানিব পৰা গৈছে৷